Reports of DCAA

Various reports of the Association

free simple site templates

সম্পাদকীয় প্ৰতিবেদন
 ২০২০-২০২২ বৰ্ষ

জয় জয়তে সমূহ প্ৰাক্তন দৰঙিয়ানলৈ ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও ওলগ জনালোঁ। বিগত সময়চোৱাত আমি বহু কেইজন সদস্য, কাৰ্যনিৰ্বাহক সদস্য, আজীৱন সদস্যক হেৰুৱালোঁ। তাৰে জ্ঞাত সকলৰ ভিতৰত নাম উল্লেখ কৰিব পাৰি ১৯ মাৰ্চ ২০২০ তাৰিখে আমাৰ মাজৰ পৰা বিদায় লোৱা বিশিষ্ট কণ্ঠশিল্পী তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন শ্ৰেষ্ঠ গায়ক পংকজ বৰদলৈ। ৩১ মাৰ্চত ২০২০ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটা দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হাৰ আজীৱন সদস্য দুৰ্গা প্ৰসাদ বৰুৱা । ২২ নবেম্বৰ ২০২০ত পৰলোকপ্ৰাপ্তি ঘটা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন শ্ৰেষ্ঠ গায়ক জীৱন বৰা (জিতুদা) , ২১ মে' ২০২১ত মৃত্যুবৰণ কৰা সংস্হাৰ সদস্য তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰূপ ভূঞা, ৪ জুলাই ২০২১ত মৃত্যু বৰণ কৰা সংস্হাৰ সদস্য তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কেশৱ বৰা। ২৬ জুলাই ২০২১ তাৰিখে মৃত্যুবৰণ কৰে কাৰ্যনিৰ্বাহক সদস্য মুনিন্দ্ৰ কুমাৰ ভূঞা।‌ আৰু ২৯ অক্টোবৰ ২০২১ তাৰিখে আমাক সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা আতঁৰি গ'ল সংস্হা সভাপতি হেমন্ত কুমাৰ বৰৱাদেৱ। তাৰ পাছত হেৰুৱালো ২৬ জানুৱাৰী ২০২২ তাৰিখে বিশিষ্ট বুৰঞ্জীবীদ‌ তথা প্ৰাক্তন উপ-সভাপতি মাধৱ দাসদেৱক। এই সকল মহান ব্যক্তিৰ লগতে অজ্ঞাত ভাবে যিসকল প্ৰাক্তন দৰঙিয়ান আমাৰ মাজৰ পৰা আতঁৰি গ'ল তেওঁলোকলৈও আজি এই মঞ্চৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ।
১৯৯৫ চনৰ ২৬ জুলাই তাৰিখে প্ৰতিষ্ঠিত হোৱা "দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হা"ই আৰম্ভণিৰ পৰাই মহাবিদ্যালয়ক শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিয়াত অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। ২০১৯ চনৰ শেষৰফালে কা আন্দোলন আৰু ২০২০-২১ বৰ্ষত ক'ভিড মহামাৰী আৰু লকডাউনৰ বাবে সংস্হাৰ কামকাজত বিশেষ অগ্ৰগতি লাভ কৰা নাছিল। তথাপিও অনলাইন যোগে কেইবাটিও অনুষ্ঠান ৰূপায়ন কৰা হয়।
২১ এপ্ৰিল ২০২০ তাৰিখে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্র- ছাত্রী (এলুমনি) সন্থাৰ তৰফৰ পৰা ১৫ হাজাৰ টকা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত অৰ্পণ কৰে।
৭ জুলাই ২০২০ তাৰিখে ক'ভিড মহামাৰীৰ বাবে দিয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত অনলাইন যোগে সংস্হাৰ প্ৰথমখন ভাৰ্চুৱেল কাৰ্যনিৰ্বাহক সভা গুগল মিটত অনুষ্ঠিত কৰা হয়। উক্ত সভাত ২৬ জুলাই ২০২০ তাৰিখে সংস্হাৰ ৰূপালী জয়ন্তী আৰু এলুমনি দিৱস দিনজোৰা কাৰ্যসূচীৰে অনলাইন যোগে গুগল মিটত অনুষ্ঠিত কৰাৰ লগতে বিশ্বৰ সকলো প্ৰান্তৰ প্ৰাক্তন দৰঙিয়ান সকলে উপভোগ কৰিব পৰাকে ফেচবুক লাইভ যোগে সম্প্ৰচাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
১৫ জুলাই ২০২০ তাৰিখে সংস্হাৰ প্ৰথম খন ৱেবিনাৰ "ক’ভিড-১৯ৰ পৰা উদ্ভৱ হ’ব পৰা ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ" ওপৰত অনুষ্ঠিত কৰা হয়। সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে প্ৰাক্তন দৰঙিয়ান তথা মনোবিজ্ঞানী জয়শ্ৰী দাসে। দৰং মহাবিদ্যালয়ৰ লগতে অসমৰ অন্যান্য মহাবিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উক্ত ৱেবিনাৰত অংশগ্ৰহণ কৰে আৰু পঞ্জীকৃত সকলক সংস্হাৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
২৬ জুলাই ২০২০ তাৰিখে সংস্হাৰ ৰূপালী জয়ন্তী আৰু এলুমনি দিৱসৰ দিনজোৰা কাৰ্যসূচীৰে অনলাইন যোগে অনুষ্ঠিত কৰা হয় । গুগল মিটত দিনৰ ১০ বজাৰ পৰা প্ৰাক্তন দৰঙিয়ান সকলৰ অন্তৰংগ অনুষ্ঠিত কৰা হয় । আৰু দিনৰ ১২ বজাৰ পৰা বেচেৰীয়াৰ পৰা ড০ হেমন্ত জ্যোতি নাথৰ পৰিচালনাত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত এখনি সাংস্কৃতিক অনুষ্ঠান সংস্হাৰ ফেচবুক পেজত লাইভ যোগে সম্প্ৰচাৰিত কৰা হয়।
৮ জুন ২০২১ তাৰিখে সংস্হাৰ দ্বিতীয়খন ভাৰ্চুৱেল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক " মুক্ত পাঠ্যপুথি পৰীক্ষা" (Open Text Book Exam) বিষয়ে অৱগত কৰাবলৈ এখনি ৱেবিনাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
১৪ জুন ২০২১ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক ( Deputy Controller of Examinations) ড০ দেৱহৰি তালুকদাৰদেৱক সমল ব্যক্তি হিচাবে লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা " মুক্ত পাঠ্যপুথি পৰীক্ষা" (Open Text Book Exam) বিষয়ে ওপৰত ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এখনি ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। উক্ত ৱেবিনাৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু পঞ্জীকৃত সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
২৬ জুলাই ২০২১ তাৰিখে সংস্হাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা এলুমনি দিৱস উপলক্ষে সন্ধ্যা ৭ বজাৰ পৰা "প্ৰাক্তন দৰঙিয়ানৰ অনলাইনত স্মৃতি ৰোমন্থন" নামে এটি কাৰ্যসূচী গুগল মিটত অনুষ্ঠিত কৰা হয় আৰু সংস্হাৰ ফেচবুক পেজত লাইভ যোগে সম্প্ৰচাৰ কৰা হয়।
ইয়াৰ ওপৰিও ৩ নবেম্বৰ ২০২১ তাৰিখে বিশেষ কাৰ্যনিৰ্বাহক সভা, ২১ জানুৱাৰী ২০২২ত কাৰ্যনিৰ্বাহক সভা, ৩ ফেব্ৰুৱাৰী ২০২২ত বিশেষ কাৰ্যনিৰ্বাহক সভা, ২৮ মাৰ্চ ২০২২ ত আন এখন কাৰ্যনিৰ্বাহক সভা আৰু ৭ মে' ২০২২ তাৰিখে শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।
সংস্হাৰ পঞ্জীয়ন বাবে ইতিমধ্যে অনলাইন যোগে আবেদন কৰা হৈছে আৰু আবেদন মঞ্জুৰ হৈছে। দুই এদিনতে আমি পঞ্জীয়ন নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ম ।
সংস্হাৰ জমা পূঁজি পৰা ৫২ হাজাৰ টকা ব্যয় কৰি সংস্হাৰ ভৱন উন্নিতকৰণ কৰোৱা হয়। এতিয়াও এলুমনি ভৱনৰ বহুখিনি কাম বাকী আছে। আশাকৰোঁ প্ৰাক্তন দৰঙিয়ানসকলে সংঘবদ্ধ হৈ সেইখিনি পূৰণত সহায় কৰিব ।
শেষত সকলো উপস্থিত প্ৰাক্তন দৰঙিয়ানক ধন্যবাদ জনাই সম্পাদকীয় প্ৰতিবেদনৰ সামৰিছোঁ।
জয়তু দৰং মহাবিদ্যালয়
জয়তু দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হা ।

ড০ মনোজ কুমাৰ হাজৰিকা
সাধাৰণ সম্পাদক





Mobirise
Create awesome websites!
Address

Darrang College
Tezpur, Assam, India                    
PIN: 784001

Contacts

Email: darrrangcollegealumni@gmail.com                    
Phone: +91  7002088709                    

Links

Darrang College Official:
www.darrangcollege.in
Facebook Page of DCAA: